যৌৱনা - ভাস্কৰ অপ্‌সেল

 যৌৱন অধৰত

তোমাৰ পৰশত 

জীপাল কৰি হিয়া


আৱেগৰ পথাৰত 

হেঙুলী আভাসত 

উতনুৱা মন দলিচা


তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ


তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!


অনুভৱী হৃদয়তে

লাগি ৰোৱা আৱেগত

ভাবি ভাবি আঁকিলো মাদকতা ভৰা ছবিখনি, পলকতে বাট ধৰা 

হাঁহিলে মুকুতা সৰা

ক্ষণে ক্ষণে শিহৰিত আজি মোৰ কবিতাটি,,, পূজিছো তোমাকেই মোৰ চেনেহী

মৰমৰ চিঞাহী মোৰ প্ৰনামী...।।।


যৌৱন অধৰত

তোমাৰ পৰশত

জীপাল কৰি হিয়া

আৱেগৰ পথাৰত

হেঙুলী আভাসত

উতনুৱা মন দলিচা


খোজে খোজে বিচাৰো আল্পনা তোমাৰ

শাৰদী জোনাকী নিশা,,,

আলফুলে দুহাতে লাজুকী চাৱনিৰে বুলাবা মায়াবী তৃষা...


তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ


তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!!


যৌৱন অধৰত

তোমাৰ পৰশত

জীপাল কৰি হিয়া

আৱেগৰ পথাৰত

হেঙুলী আভাসত

উতনুৱা মন দলিচা

Comments

Popular posts from this blog

Tumi Junak - Lyrics

Aji horotor prothom nixa || Priyanka Bharali || Assamese Song

ৰাতি ৰাতি (ৰত্নাকৰ) - Lyrics