জোনবাই (নতুন) | Junbaai (New)
অ' জোন...জোনবাই
কিয় আছ' চাই..
এনেকৈয়ে ৰ' লাগি মোক
উকা কপালখন
দেখি লগা নাই...
তোৰো জানো মোলৈকে দুখ
তই তৰাৰ সতে উমলিছ
কথাত লাগি হাঁহিছ
মোৰ মৰমক কৰি আওকাণ
অ' তই দেৱতা নেকি
জান ঐ ইমান অভিমান
দেৱতা নেকি
জান ঐ ইমান অভিমান
তোক চকুৰে পলকতে
ৰাখিবলে যন
তোক বুকুৰে শিতানতে
শুৱাবলে মন..
তোক চকুৰে পলকতে
ৰাখিবলে যন
তোক বুকুৰে শিতানতে
শুৱাবলে মন..
হেমাহিবোৰ অযুত হ'লে
ভাৱনাবোৰ বুকুত বলে
হব নেকি
প্ৰেমৰ অপমান
অ' তই দেৱতা নেকি
জান ঐ ইমান অভিমান
দেৱতা নেকি
জান ঐ ইমান অভিমান
না ৰা না
না ৰা না
তই হাঁহি দিলে
বুকুতে কঁপনি হয়...
তোৰ মাততে জান
এসাগৰ মৰম বুকুত বয়
তই হাঁহি দিলে
বুকুতে কঁপনি হয়...
তোৰ মাততে জান
এসাগৰ মৰম বুকুত বয়
হেমাহিবোৰ অযুত হ'লে
ভাৱনাবোৰ বুকুত বলে
হব নেকি
প্ৰেমৰ অপমান
অ' তই দেৱতা নেকি
জান ঐ ইমান অভিমান
দেৱতা নেকি
জান ঐ ইমান অভিমান
Comments
Post a Comment